জহিৰুল ইছলাম,বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ ছুৱাপাতা চতুৰ্থ খণ্ড (শ্বেখপাৰা) ৩নং ওৱাৰ্ডত চৰকাৰে বান সাহাৰ্য্য মুঠ আগবঢ়ায় চাউল ১৫ কুইন্টল, ৰাইজৰ মাজত বিতৰণ কৰে ১০ কুইন্টল ৩৫ কেজি ৬০০ গ্ৰাম, মিঠাতেল ৮৩ কেজি, বিতৰণ কৰে, ৬০ কেজি,ডাইল ৩০০ কেজি, বিতৰণ কৰে ১৫০ কেজি, নিমখ, ১ কুইন্টল, বিতৰণ ১ কেজিও কৰা নাই৷
জীৱ-জন্তুৰ দানা ৬ কুইন্টল, বিতৰণ কৰে, ৩ কুইন্টল, বান আক্রান্তৰ মাজত অতি কমকৈ বিতৰণ কৰাৰ বাবে ৩ ওৰ্ৱাডৰ সদস্য কুদ্দুচ আলীৰ ফৈদ আৰু বান আক্রান্ত ৰাইজ, দুয়ো ফৈদৰ মাজত জঘন্যভাৱে মাৰপিট সংঘটিত হয় যদিও দুয়ো ফৈদৰ মাজত গুৰুত্ব ভাৱে আহত হয় ৫ জন।