মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰস্থিত মোৰাঝাৰ ষ্টেট বেংকত সংঘটিত এশ কোটি টকা কৃষি ঋণ কেলেংকাৰীৰ অন্যতম অভিযুক্ত তথা বেংকৰ প্ৰাক্তন শাখা প্ৰৱন্ধক দেৱজিৎ তালুকদাৰক শনিবাৰে নিশা মোৰাঝাৰ আৰক্ষীয়ে নগাঁওৰপৰা আটক কৰিবলৈ সক্ষম হয়৷
মোৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত আন দুজন লোকক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছিল৷ দেৱজিৎ তালুকদাৰে বেংকৰ শাখা প্ৰৱন্ধকৰ দায়িত্বত থাকি একাংশ অজ্ঞাত লোকৰ নামত বেংক একাউন্ট খুলি দালালৰ সহযোগত হকে বিহকে কোটি কোটি টকাৰ কৃষি ঋণ মুকলি কৰি আত্মসাৎ কৰিছিল৷ অকল ইমানেই নহয় বহু মৃত লোকৰ নামতো দালালৰ সহযোগত বেংকৰপৰা কোটি কোটি টকাৰ কৃষি ঋণ মুকলি কৰি আত্মসাৎ কৰিছিল দেৱজিৎ তালুকদাৰে৷