বালিপাৰাঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখৰ সমীপৱৰ্ত্তী চিলনী নেপালী গাৱৰ এগৰাকী নবছৰীয়া নাবালিকাক এজন ৫৫ বছৰীয়া লোকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ মতে যোৱা ৯ মেৰ বিয়লি ৪ মান বজাত পৰিয়ালৰ আত্মীয়ৰ ঘৰত শিশুটিয়ে পুজাৰ প্ৰসাদ খাবলৈ যোৱাৰ সময়তে চিলনী বঙালী গাঁওৰ নিবাসী তথা দুগৰাকী পত্নী থকা অভিযুক্ত ঘনশ্যাম নৰহ (৫৫) নামৰ লোকজনে কিশোৰীগৰাকীক আগবঢ়াই থোৱা আৰু বিভিন্ন প্ৰলোভনেৰে নদীৰ পাৰৰ নিকতৱৰ্ত্তী হাবিলৈ লৈ যায়।
অভিযুক্তই নিৰ্যাতন চলাই কিশোৰী গৰাকীক অচেতন অৱস্থাত পেলাই থৈ যায়। কিছু সময় পাছত কিশোৰী গৰাকীয়ে চেতনা ঘূৰাই পোৱাত ঘৰলৈ আহি পৰিয়ালৰ লোকক বিষয়টি অৱগত কৰে আৰু পৰিয়ালৰ লোকে অভিযুক্ত ঘনশ্যাম নৰহৰ ওপৰত চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।