আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু বানপানীৰ স্থায়ী আৰু বিজ্ঞান সন্মতভাৱে সমাধানৰ দাবীত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
বিগত সময়ত অসমৰ বিভিন্ন প্ৰান্তৰপৰা বিভিন্ন জাতীয় দল-সংগঠনে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে বহুবাৰ দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ লেখতল’বলগীয়া পদক্ষেপ তথা গুৰুত্ব প্ৰদান নকৰাৰ বাবে আজিও অৱহেলিত হৈ আহিছে অসমৰ এই জলন্ত সমস্যা।