জিতুমণি নাথ, মৰিগাঁওঃ বানপানী কমিছে যদিও দুৰ্যোগে লগ এৰা নাই মৰিগাঁও জিলা বন্যাৰ্তৰ মাজত। বানপানী কমি অহাৰ লগে লগে সীমাহীন সমস্যাই গা কৰি উঠিছে জিলাখনৰ বন্যাৰ্তৰ মাজত। এই সমস্যা সমূহ জোৰা মাৰিবলৈ জিলা প্ৰশাসনৰ ফালৰপৰা যুদ্ধকালীন প্ৰচেষ্টা গ্ৰহন কৰিছে যদিও সেইয়া পৰ্যাপ্ত হৈ উঠা নাই।
কিয়নো ভয়াৱহ বানপানীয়ে আপোন ঘৰখন ঠান বান কৰি পেলোৱাৰ উপৰি মূৰৰ ঘাম মাটিতত পেলাই কঠোৰ শ্ৰম কৰি কৃষি ভূমি সমূহত উৎপাদিত হাজাৰ হাজাৰ হেক্টৰৰ মাটি ইতিমধ্যে নিঃশেষ কৰি কোঙা কৰি পেলালে কৃষক সকলক।