Home ৰাজ্যৰঙাপৰাত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

ৰঙাপৰাত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by News Desk
127 views
A+A-
Reset

ৰঙাপৰাঃ শোনিতপুৰ জিলাৰ ৰঙাপৰাত বিদ্যুতস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হয়। আজি ৰাতিপুৱা ৭ মান বজাত ৰঙাপৰা থানাৰ অন্তৰ্গত ফুলুগুৰি নেপালী গাঁৱৰ জুলপে থাপাৰ পুত্ৰ মনোজ থাপাই(৩১) নিজৰ ঘৰত বিদ্যুতৰ সা সজুলী মেৰামতি কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হয়।

ততাতৈয়াকৈ তেওঁক ৰঙাপৰা চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত্যু হোৱা বুলি ঘোষণা কৰে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ইউ ডি ১৯/১৯ গোচৰ ৰুজু কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0