Home ৰাজ্যসাঁচি গছৰ খেতি.. ব্যৱসায়ত থকা আইন শিথিল কৰিলে চৰকাৰে

সাঁচি গছৰ খেতি.. ব্যৱসায়ত থকা আইন শিথিল কৰিলে চৰকাৰে

by News Desk
204 views
A+A-
Reset

ছাদিকুজ জামান, মোৰাঝাৰঃ প্ৰচুৰ চাহিদা থকা অসমত আগৰ কাঠ (সাঁচি গছ)ৰ আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ স্থাপন হোৱাৰ কাৰণে বৰ্তমান বিজেপি চৰকাৰে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপক অসম ৰাজ্যিক জমিয়তৰ সভাপতি তথা আন্ত:ৰাষ্ট্ৰীয় ব্যৱসায়ী মৌলানা মস্তাক আনফৰে শলাগ লয়৷ জমিয়তৰ সভাপতি মৌলানা মস্তাক আনফৰৰ ব্যক্তিগত সচিব ফিৰুজ আহমেদ লস্কৰে আজি এক বিবৃতি যোগে জনোৱা মতে, আনফৰে অসম চৰকাৰৰ এনে সময়োচিত পদক্ষেপ অতি প্ৰশংসনীয় বুলি উল্লেখ কৰি কয় যে বিগত প্ৰায় নটা বছৰ আনফৰে কংগ্ৰেছ চৰকাৰৰ দিনত এই আগৰ ব্যৱসায়টো বৈধ কৰাৰ ক্ষেত্ৰত বহু চেষ্টা চলাইছিল যদিও তেতিয়া কাৰ্যকৰী হোৱা নাছিল৷ বৰ্তমান সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে এই ব্যৱসায়ক বৈধ কৰাৰ লগতে অসমত আগৰ খেতি কৰা আৰু ব্যৱসায়ৰ ক্ষেত্ৰত থকা আইন ৰাজ্য চৰকাৰে শিথিল কৰা কাৰ্য আদৰণিয় বুলি মৌলানা আনফৰে মন্তব্য কৰে৷ 

আনফৰে লগতে কয় যে আন্ত:ৰাষ্ট্ৰীয় ব্যৱসায়ী হবিব মহাম্মদ চৌধুৰীয়ে হোজাই আগৰ এছ’চিয়েশ্বনৰ হৈ বিগত প্ৰায় তিনিটা বছৰ ধৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ আৰু বিভাগীয় মন্ত্ৰীৰ লগত মিলি ইয়াৰ বহুখনি কাম আগবঢ়াই নিছিল ফলত চৰকাৰৰ লগতে হবিব মহাম্মদ চৌধুৰীও ধন্যবাদৰ পাত্ৰ৷ জমিয়তৰ সভাপতি আনফৰে কয়, ‘‘মই বিগত দিনত ৰাজ্যৰ তদানীন্তন বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্মৰ লগত এই শিথিলতাৰ ক্ষেত্ৰত কোবাবাৰো আলোচনাত মিলিত হৈছিলো আৰু দীৰ্ঘ বছৰ বছৰ ধৰি হোজাই আগৰ এচ’ছিয়েচনৰ উদ্যোগত ব্যৱসায়ী সকলে চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক হেঁচা প্ৰয়োগ কৰি আহিছিল৷’’ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0