67
বৰপেটাৰোডঃ ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত বেকী নদীত বুধবাৰৰ নিশাৰপৰা পানী ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে৷ যদিও বৃহস্পতিবাৰে বিয়লি ৫ বজালৈকে হ্ৰাস পাইছে এই ভূটানৰপৰা এৰি দিয়া পানী৷
বৃহস্পতিবাৰে দুপৰীয়া বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে বৰপেটা জিলাৰ গোবৰ্ধনাৰ লগতে বাক্সা জিলাৰ মানস ৰাষ্ট্ৰীয় উদ্যান সমীপৰ নাৰায়ণ গুৰি অঞ্চল পৰিভ্ৰমণ কৰি পানীৰ বুজ লয়।