কনক দেউৰী, খেৰণিঃ সংসদৰ মজিয়াত স্বায়ত্ব শাসিত ৰাজ্য দাবী নস্যাৎ হোৱা কাৰ্যক কেন্দ্ৰ কৰি ডিমা হাছাও-কাৰ্বি আংলঙৰ ১৬ সংগঠনে ২৫ জুলাইত ১২ ঘন্টীয়া ডিমা হাছাও আৰু কাৰ্বি আংলং বন্ধৰ আহ্বান জনায়।
পৰিপ্ৰেক্ষিতত দুই পাৰ্বত্য জিলাত এই বন্ধৰ প্ৰভাৱ সৰ্বাত্মকভাৱে পৰে। বন্ধৰ সময়ছোৱাত দোকান-পোহাৰ, কাৰ্যালয়, যান-বাহন, শিক্ষানুষ্ঠান আদি সম্পূৰ্ণৰূপে বন্ধ থাকে। তেনে সৰ্বাত্মক বন্ধৰ মাজতে ডিফুত উপস্থিত হৈ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যসকল, পৰিষদীয় সসদ্যসকলৰ উপস্থিতিত জিলা বিজেপি কাৰ্য্যালয় নিৰ্মাণৰ উদ্দেশ্যে ভূমিপূজনেৰে আধাৰশিলা স্থাপন কৰে ৰাজ্যিক গড়কাপ্তানী বিভাগ আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।