জিতুমনি দাস, আজাৰাঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, দক্ষিণ কামৰূপ শাখাৰ উদ্যোগত বৃহত্তৰ অঞ্চলৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰপৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক যোৱা ২১ জুলাইত পলাশবাৰীৰ উপৰহালীস্থিত হৰেন্দ্ৰ নাথ তালুকদাৰ প্ৰেক্ষাগৃহত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
এই উপলক্ষে পুৱা ৯.১৫ বজাত সমবেত সংগীতৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে তাৰ্কিক, অনুবাদক, চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মা, আমন্ত্ৰিত অতিথি হিচাপে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাস, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰ শাখাৰ সম্পৰ্ক প্ৰমুখ ৰাজীৱ কুমাৰ শৰ্মা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণামূলক ভাষণ দিয়াৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে।