কেতিয়াবা কিছুমান বিজ্ঞাপনত দেখা যায় প্ৰডাক্টটোৰ কাষত ফোন নম্বৰ এটা দিয়া থাকে আৰু কাষতে লিখা থাকে টোলফ্ৰী নম্বৰ। কোম্পানীসমূহৰ কাষ্টমাৰ কেয়াৰতো টোলফ্ৰী নম্বৰ থাকে৷ সৰ্বসাধাৰণ মানুহেও বুজি পায় যে টোলফ্ৰী নম্বৰ মানে হ’ল এই সেই নম্বৰত ফোন কৰিলে ফোনৰ বেলেঞ্চৰ পৰা পইচা কাট নাখায়। সাধাৰণ ৰাইজ টোল’ শব্দটোৰ লগত প্ৰথমে এনেদৰেই চিনাকি হৈছিল৷ টোল মানে হ’ল কৰ৷ কিন্তু লাহে লাহে অসমত টোলগেট (TollGate) নামৰ এটা শব্দই গা কৰি উঠিছে৷ টোলগেটৰ সৈতে অসমৰ ৰাইজৰ অধিকাংশই নতুনকৈ পৰিচয় হ’ল, যদিওবা টোলগেটৰ ধাৰণা অসমত নতুন নহয়৷ সমগ্ৰ অসমতে বৰ্তমান ব্যাপক চৰ্চা লাভ কৰা আৰু বিগত কিছুদিন ধৰি বাতৰি কাকত বা ইলেক্ট্ৰনিক মিডিয়াৰ মূখ্য শিৰোনাম দখল কৰি থকা এক বিষয় হৈছে ৰহাৰ টোলগেট৷ ৰহাৰ টোলগেট খুলিবলৈ দিয়া হ’ব নে নহয় সেয়া সাম্প্ৰতিক সময়ত লাখটকীয়া প্ৰশ্ন হৈ ধৰা দিছে৷ কিন্তু কি এই টোলগেট? ৰহাৰ টোলগেটকলৈ কিয় হৈছে ইমান হৈ চৈ ? ৰহাৰ বাদে অসমৰ আৰু ক’ত ক’ত টোলগেট আছে? কিয় চৰকাৰে টোলগেট খুলিবলৈ উঠিপৰি লাগিছে আৰু দল-সংগঠন তথা স্থানীয় ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে? আহকচোন জানো টোলগেটৰ সৈতে সম্পৰ্কিত কিছুমান কথা।
টোলগেট কি?