244
দৰঙৰ বুঢ়া আৰক্ষীৰ কাণ্ডক লৈ এতিয়া উত্তাল হৈ পৰিছে সৰ্বত্ৰ। ছ’চিয়েল মিডিয়াত ঘটনাটোক লৈ ভিন্ন মহলে নিজৰ নিজৰ ধৰণে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। কোনোৱে যদি অভিযুক্তৰ ভগ্নীক প্ৰহাৰক লৈ আৰক্ষীক জগৰীয়া কৰিছে আন কোনোৱে আকৌ ভগ্নীকেইগৰাকীকে জগৰীয়া কৰা দেখা গৈছে। বহুতে আকৌ ঘটনাটোক ‘লাভ জেহাদ’ বুলিও দাবী কৰিছে। যুৱতীগৰাকীয়ে দুটা দিনত দিয়া পৃথক পৃথক ভাষ্যয়ো বিভ্ৰান্ত কৰি তুলিছে ৰাজ্যবাসীক। এনে পৰিপ্ৰেক্ষিততে ঘটনাৰ সবিশেষ জনাতো অতিশয় জৰুৰী হৈ পৰিছে।