শুভ নৱবৰ্ষ ২০২০। News Next Oneৰ তৰফৰ পৰা সমূহ ভিউৱাৰ্ছ তথা অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জনালো। অসমীয়া ভাষাৰ প্ৰথমটো নিউজ পৰ্টেল হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা ভিন্ন উত্থান-পতনৰ মাজেৰে আহি আমি উপস্থিত হৈছো এই শুভক্ষণত। নতুন বছৰ এটাত ভৰি থোৱাৰ সময়তে আমাৰ ৰাজ্যৰ চৌদিশ এতিয়াও উত্তাল হৈ আছে। ভোগালীলৈও মাজত মাথো কেইটামান দিন। নতুন বছৰ, ভোগালী এই সকলোবোৰৰ মাজতে অসমীয়া ৰাইজ আজি নিজৰ সংকটকালত মাৰবান্ধি থিয় হৈছে। নতুন ৰূপত ওলাই আহিছে সজাগ জনতা। আন্দোলনো চলিছে, লগতে চলিছে কাম। অলপকৈ হ’লেও যেন কৰ্ম-সংস্কৃতি বুজি উঠিছে অসমীয়া ৰাইজে।
ৰাজ্যৰ বৰ্তমানৰ এনে পৰিস্থিতি বাদ দি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ চালেও দেখা যায় সেই একেই দৃশ্য। ইয়াৰ মাজতে সুখবৰ দেখা গৈছে মিডিয়া ক্ষেত্ৰখনত। অৰ্থনৈতিক মন্দাৱস্থা, মন্থৰ জিডিপি সত্বেও ১১ শতাংশ বিকাশৰ হাৰৰ সৈতে দেশৰ মিডিয়া ইণ্ডাষ্ট্ৰীয়ে অতিক্ৰম কৰিছে ১লাখ কোটিৰ সীমা। ২০২৪ চন পৰ্যন্ত এই সীমা ৩ লাখ কোটি অতিক্ৰম কৰিব বুলি সম্ভাৱনা ব্যক্ত কৰিছে অৰ্থনৈতিক বিশ্লেষকসকলে।