গুৱাহাটীঃ স্মৃতিগ্ৰন্থ কেৱল মাত্ৰ কিছুমান লেখাৰ সমষ্টি নহয়। সভা, প্ৰতিষ্ঠা দিৱস, অধিৱেশন আদিৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থসমূহৰ সাহিত্যিক মূল্যৰ লগতে আছে সময়ক ধৰি ৰাখিব পৰা শক্তি। সেয়ে সৰু-বৰ প্ৰতিটো অনুষ্ঠান বা সভা-সমিতি আদিৰেই স্মৃতিগ্ৰন্থৰ আছে অপৰিসীম গুৰুত্ব। তাতে যদি স্মৃতিগ্ৰন্থখন অসম সাহিত্য সভাৰ অধিৱেশনৰ হয় তেন্তে সেইখন স্মৃতিগ্ৰন্থ কিমান বিশেষ সেয়া নকৈ কোৱাৰ প্ৰয়োজনেই নাই।
বিগত অধিৱেশনসমূহৰ দৰেকৈ এইবাৰো সাহিত্য সভাৰ ৭৫ সংখ্যক শুৱালকুছি অধিৱেশন উপলক্ষে প্ৰকাশ কৰি উলিওৱা হৈছে এখন স্মৃতিগ্ৰন্থ। অধিৱেশনখন বস্ত্ৰনগৰীৰূপে খ্যাত কামৰূপ জিলাৰ ঐতিহাসিক শুৱালকুছিত অনুষ্ঠিত হোৱালৈ চাই স্মৃতিগ্ৰন্থখনৰ নাম ৰখা হৈছে ‘শুৱালকুছি-জ্যোতি’। আটোমটোকাৰিকৈ প্ৰকাশ কৰি উলিওৱা ‘শুৱালকুছি-জ্যোতি’ হাতত তুলি ল’লেই প্ৰতিজন সাহিত্য অনুৰাগীৰ মন এক সাহিত্যিক সুবাসেৰে সুবাসিত হৈ পৰিব লাগিছিল যদিও বাস্তৱত তাৰ ওলোটাহে হোৱা দেখা গৈছে।