গুৱাহাটীঃ ৰাজ্যত ‘কা’ বিৰোধী আন্দোলনৰ সমান্তৰালকৈ চৰ্চিত হৈ পৰিছে মাওবাদ প্ৰসংগ৷ শেহতীয়াকৈ মাওবাদীৰে জড়িত থকাৰ সন্দেহত ‘কা’ বিৰোধী আন্দোলনত ছাত্ৰ সমাজক নেতৃত্ব দিয়া কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতালৈ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA-ই দিয়া চমনে ছাত্ৰ সমাজৰ লগতে বৌদ্ধিক মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বহুতেই এতিয়া প্ৰশ্ন কৰিছে যে জেএনইউ, জামিয়া-মিলিয়া, যাদৱপুৰ বিশ্ববিদ্যালয়কে আদি কৰি দেশৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ পিছত এইবাৰ অসম তথা উত্তৰ-পূবৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ো চৰকাৰী ৰোষত পৰিছে নেকি?
প্ৰাঞ্জল কলিতালৈ কিয় চমন জাৰি কৰিছে NIA-ই?