গুৱাহাটী/দুলীয়াজানঃ এটা ভাইৰেল ভিডিঅ’কলৈ সামাজিক মাধ্যমত যোৱা দুদিন ধৰি অব্যাহত আছে চৰ্চা৷ ভিডিঅ’টোক লৈ বিভিন্নজনে ভিন্ন মতো প্ৰকাশ কৰিছে৷ এজনে কৈছে যে অসমীয়াৰ মানুহৰ বাবে এয়া দুৰ্ভাগ্যজনক। আন এজনে কৈছে, ‘এয়া ৯০ দশকৰ অসম নহয়৷ ৰাইজে বিষয়টো জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষকক অৱগত কৰক, লিখিত অভিযোগ দিয়ক।’ বহুতে সাৱধানবাণী শুনাই কৈছে, ‘CAA বিৰোধী প্ৰতিবাদত অংশ লোৱাৰ বাবেই আপোনাৰো হ’ব পাৰে এনে অৱস্থা। সাৱধান ৰাইজ, সতৰ্ক হৈ থাকক৷’
ভাইৰেল ভিডিঅ’টোত আছিল দুখন নাম্বাৰ প্লেট নোহোৱা গাড়ী, সামৰিক পোছাক পৰিধান কৰা এটা দল আৰু স্থানীয় ৰাইজ। ভিডিঅ’টো ৰেকৰ্ড কৰি থকা এজন যুৱকে কৈছে যে ‘ইহঁতে দুলীয়াজান শাখাৰ পৰা আহিছো কৈছে, ইহঁত কোন হয়, ক’ৰ পৰা আহিছে নাজানো।’