গুৱাহাটীঃ CAA বিৰোধী আন্দোলনক মষিমূৰ কৰিবলৈ এইবাৰ যেন সাংস্কৃতিকভাৱেও আক্ৰমণাত্মক হৈ উঠিছে চৰকাৰ-প্ৰশাসন! এই সাংস্কৃতিক আক্ৰমণৰ ৰোষত পৰিবলগীয়া হৈছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা।
প্ৰাপ্ত বাতৰি মতে, বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক অনিমেষ ভাগৱতীয়ে বিশ্ববিদ্যালয় সপ্তাহ তথা ভাৰ্চিটি উইক আৰম্ভ হোৱাৰ প্ৰায় ২০ দিন পূৰ্বেই ৰবীন্দ্ৰ ভৱন বুক কৰিছিল। কটনৰ কেবাটাও হোষ্টেলৰ পৰা ৬খন নাটক আৰু বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ, অৰ্থনীতি, ভূগোল বিজ্ঞান আৰু উচ্চতৰ মাধ্যমিকৰ ৪খন নাটক সহিতে মুঠ ১০খন নাটকৰ মাজত ১২ ফেব্ৰুৱাৰীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু হঠাতে ৰবীন্দ্ৰ ভৱন কৰ্তৃপক্ষই বাতিল কৰি দিয়ে এই বুকিং।