গুৱাহাটীঃ আকৰ্ষণীয় হৈ উঠিব ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচন। যোৱা প্ৰায় দুমাহ ধৰি কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা অখিল গগৈয়ে তেওঁক সাক্ষাৎ কৰিবলৈ যোৱা একালৰ সতীৰ্থসকলৰ এটা দলৰ আগত সমাগত নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী বুলি কৰা মন্তব্যই স্পষ্ট কৰি তুলিছে এই সম্ভাৱনা। বুধবাৰে দিনৰ ভাগত লখৰাৰ কেন্দ্ৰীয় কাৰাগাৰত অখিল গগৈক সাক্ষাৎ কৰি আহিয়েই সংবাদ মাধ্যমৰ আগত একালৰ সতীৰ্থ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা কমল কুমাৰ মেধিয়ে কয় যে ২০২১ত নিৰ্বাচন খেলিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে কৃষক নেতাজন।
কাৰাগাৰত অখিল গগৈৰ সৈতে প্ৰায় এঘণ্টাৰো অধিক সময় কটায় একালৰ সতীৰ্থ কমল কুমাৰ মেধি, স্বৰাজ অসমৰ ভৱেন সন্দিকৈ, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি পৰমানন্দ দাস আৰু মদমুক্ত অসমৰ প্ৰবীণ দাসে। কমল কুমাৰ মেধিয়ে NNOক জনোৱা মতে কাৰাগাৰৰ ভিতৰতে ২০২১ৰ নিৰ্বাচন আৰু ৰাজনৈতিক দল গঠনক লৈ ৰূপৰেখা প্ৰস্তুত কৰিছে কৃষক নেতাগৰাকীয়ে।