মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ এজন যুৱকৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মাৰণাস্ত্ৰ। সোমবাৰে নিশা স্থানীয় আৰক্ষীয়ে অঞ্চলটোৰ আমবাৰীৰ শ্বাহিদুজ জামান নামৰ যুৱকৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে এটি হস্তনিৰ্মিত পিষ্টল আৰু ২১ জাই ৭.২১ SLR ৰাইফলৰ সজীৱ গুলী।
ইতিমধ্যে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে মোৰাঝাৰ আৰক্ষীয়ে। ইফালে যুৱকজনৰ ঘৰত এনেদৰে মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। একাংশ লোকে যুৱকজনৰ বিৰুদ্ধে কোনো দুষ্ট চক্ৰই ষড়যন্ত্ৰ চলোৱা বুলিও দাবী কৰিছে।