লণ্ডনঃ সমগ্ৰ বিশ্বতে এতিয়া সামাজিক দূৰত্ব আৰু ছেল্ফ আইছ’লেশ্যনে লাভ কৰিছে বিশেষ গুৰুত্ব। কৰ’না ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ এই দুটাই হৈছে বৰ্তমানৰ মুহূৰ্তত অতি উত্তম পন্থা। এনে পৰিপ্ৰেক্ষিতত বহুতৰে মনত এই সময়ছোৱাত ছেক্স কৰাতো উচিত নে অনুচিত সেই লৈ প্ৰশ্ন উত্থাপন হোৱাতো স্বাভাৱিক। বিশ্বৰ ভিন্ন প্ৰান্তৰ বিশেষজ্ঞসকলেও এয়া কোনো ভুল কথা বা হাঁহিবলগীয়া তথা ঠাট্টা-মস্কৰা কৰিবলগীয়া কথা নহয় বুলি স্পষ্টকৈ কৈছে।
কৰ’নাক লৈ সমগ্ৰ বিশ্বতে উদ্ভৱ হোৱা পৰিস্থিতিলৈ চাই এই মহামাৰীয়ে মানুহৰ দৈনন্দিন ‘ছেক্স লাইফ’ত কিধৰণে প্ৰভাৱ পেলাইছে সেই লৈও ইতিমধ্যে আৰম্ভ হৈছে গৱেষণা আৰু বিশেষ অধ্যায়ন। ইয়াৰ ফলত পৰিব পৰা সামূহিক মানসিক আৰু শাৰীৰিক প্ৰভাৱ সম্পৰ্কেও বিশ্লেষণ অব্যাহত ৰাখিছে গৱেষকসকলে।