Home ৰাজ্যলকডাউন… ঘৰে ঘৰে গৈ দুখীয়া ৰাইজক চাউল-দাইল দিয়াৰ কথা ঘোষণা হাগ্ৰামাৰ

লকডাউন… ঘৰে ঘৰে গৈ দুখীয়া ৰাইজক চাউল-দাইল দিয়াৰ কথা ঘোষণা হাগ্ৰামাৰ

by News Desk
A+A-
Reset
hagrama-saul

কোকৰাঝাৰঃ কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ২১ দিনীয়া লকডাউনক আদৰণি জনাইছে হাগ্ৰামা মহিলাৰীয়ে। প্ৰধানমন্ত্ৰীৰ আহ্বানক সম্পূৰ্ণৰূপে পালন কৰি কৰ’না ভাইৰাছৰ পৰা মুক্ত হ’বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাই বিটিচি অঞ্চলৰ শ্ৰমজীৱি ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৫লাখ ৫০ হাজাৰ পৰিয়ালক বিনামূলীয়া ৰেচন দিয়া হব বুলি আজি সংবাদমেলযোগে ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

আজি কোকৰাঝাৰ গৌৰাং ভেলী হোটেলত অনুষ্ঠিত হোৱা এক সংবাদমেলত বিটিচি প্ৰধান হাগ্ৰমা মহিলাৰীয়ে কয় যে বিটিচি অঞ্চলত বসবাস কৰা ৯ লাখ ৬৪ হাজাৰ তিনিশৰো অধিক পৰিয়ালৰ ভিতৰত ৫লাখ ৫০ হাজাৰ পৰিয়ালক প্ৰথম পৰ্যায়ত বিনামূলীয়া ৰেচন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শ্ৰমজীৱি লোকসকলৰ অসুবিধাৰ  প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ ২১ দিনীয়া সময়ছোৱাত বিটিচিৰ ৫লাখ ৫০ হাজাৰ পৰিয়ালক ২৫ কিলোগ্ৰাম কৈ চাউল, দুই কিলোগ্ৰামকৈ দাইল, আধা লিটাৰকৈ মিঠাতেল আৰু নিমখ দিয়াৰ ব্যৱস্থা বিটিচি চৰকাৰৰ পৰা কৰা হৈছে বুলি ঘোষণা কৰে বিটিচি প্ৰধানগৰাকীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0