কাবুলঃ কৰ’না ভাইৰাছক লৈ সমগ্ৰ বিশ্বতে সৃৃষ্টি হৈছে এক প্ৰকাৰৰ অভাৱনীয় পৰিস্থিতি। ইমানৰ পিছতো আক্ৰমণ অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীসকলে। প্ৰাপ্ত খবৰ অনুযায়ী বুধবাৰে পুৱাই আফগানিস্তানৰ ৰাজধানী কাবুলত থকা শিখসকলৰ উপাসনাগৃহ গুৰুদ্বাৰত আক্ৰমণ সংঘটিত কৰে আত্মঘাতী বোমাৰুৱে। এই ঘটনাত নিহত হৈছে ১১জনকৈ লোক।
স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী কাবুলৰ শ্বোৰ বজাৰ এলেকা থকা গুৰুদ্বাৰ আৰু ধৰমশালাক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীসকলে। এই অঞ্চলত মূলত বাস কৰে হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলে। আফগানিস্তানৰ স্থানীয় সময় অনুযায়ী বুধবাৰে ৭.৪৫ বজাত এই আক্ৰমণ সংঘটিত হয়। আত্মঘাতী বোমাৰুৰ এজনে গুৰুদ্বাৰৰ ভিতৰত আশ্ৰয়প্ৰাৰ্থীৰ বেশত প্ৰৱেশ কৰি বিস্ফোৰণ সংঘটিত কৰে।