গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ৰুজু কৰা গোচৰত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰে৷ ‘কা’ বিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ক্ৰাইম ব্ৰাঞ্চে পাণবজাৰ থানাত ০০০১/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰিছিল কৃষক নেতা গগৈৰ বিৰুদ্ধে৷
উক্ত গোচৰত যোৱা ১৫ ফেব্ৰুৱাৰীত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পাণবজাৰ থানাৰ ক্ৰাইম বাঞ্চে কৃষক নেতাজনক গ্ৰেপ্তাৰ কৰি কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰিছিল। ক্ৰামই বাঞ্চৰ গোচৰৰ শুনানি গ্ৰহণৰ অন্তত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল কৃষক মুক্তিৰ নেতাকেইজনক।