Home ৰাজ্যলকডাউনৰ সময়ত সকলোকে ঘৰতে থাকিবলৈ পুনৰ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ

লকডাউনৰ সময়ত সকলোকে ঘৰতে থাকিবলৈ পুনৰ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ

by News Desk
A+A-
Reset
cm sir

বোকাজানঃ “অসমত নতুনকৈ ৫ খন অত্যাধুনিক চিকিৎসালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হ’ব অসমবাসীক কৰ’নাৰ পৰা বীজাণুমুক্ত আৰু স্বাস্থ্যৱান কৰি তোলা৷”-এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী সদৃশ কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে কাৰবি আংলং জিলাৰ প্ৰস্তুতিৰ সন্দৰ্ভত বুজ ল’বলৈ শনিবাৰে জিলাখনত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে কৰ’না ভাইৰাছৰ পৰা ৰাইজক সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে সকলো ধৰণৰ পন্থা ব্যৱহাৰ কৰিছে। 

নিৰ্দ্ধাৰিত সময়তকৈ কিছু পলমকৈ বিয়লি প্ৰায় তিনি বজাত হেলিকপ্তাৰ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিফুস্থিত কাছা খেলপথাৰত অৱতৰণ কৰি পোনে পোনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিফুৰ আৱৰ্ত ভৱনত উপস্থিত হৈ কৰ’না ভাইৰাছ প্ৰতিৰোধৰ প্ৰস্তুতি সন্দৰ্ভত কাৰ্বি আংলং জিলা প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হয়৷ আলোচনাত পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাং, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে কেইবাগৰাকী ইএম, এমএচি, জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে তেওঁ ডিফু চিকিৎসা মহাবিদ্যালয়ত থকা আইছ’লেছন ৱাৰ্ডো পৰিদৰ্শন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0