Home ৰাজ্যকৰ’নাত আক্ৰান্তৰ সংস্পৰ্শলৈ এজন! দৰংবাসীক শংকিত নহ’বলৈ আহ্বান প্ৰশাসনৰ

কৰ’নাত আক্ৰান্তৰ সংস্পৰ্শলৈ এজন! দৰংবাসীক শংকিত নহ’বলৈ আহ্বান প্ৰশাসনৰ

by News Desk
A+A-
Reset
kharkhoa-darrang

ছিপাঝাৰঃ দৰং জিলাৰ মঙলদৈস্থিত খাৰখোৱা ধাবাৰ এজন কৰ্মচাৰী ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহা বিষয়টোক লৈ দৰংবাসীক শংকিত নহবলৈ আহ্বান জনাইছে জিলা স্বাস্থ্য বিভাগে। এক প্রেছ বিবৃতিৰ জৰিয়তে জিলা স্বাস্থ্য বিভাগৰ এগৰাকী নিৰীক্ষণ বিষয়াই জানিবলৈ দিয়ে যে খবৰ লাভ কৰাৰ লগে লগে প্ৰশাসনৰ তৰফৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

‘আমি খবৰ লাভ কৰাৰ লগে লগে খাৰখোৱা ধাবাৰ মালিকৰ পৰা কৰ্মচাৰীৰ তালিকা সংগ্ৰহ কৰিছো। মুঠ ৩৭ জন কৰ্মচাৰীৰ তালিকা মালিক পক্ষই স্বাস্থ্য বিভাগক দিছে। ইয়াৰে ৩২ জন দৰঙৰ বাসিন্দা। খণ্ড পৰ্যায়ত থকা নিৰীক্ষণকাৰী দলৰ দ্বাৰা আটাইকেইগৰাকী কৰ্মচাৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। তেওঁলোক কোনোজনৰে শৰীৰত কভিড ১৯ৰ প্রাথমিক লক্ষণ দেখা পোৱা নাই যদিও তেওঁলোক প্রত্যেককে নিজ ঘৰতে আছুতীয়াকৈ ১৪ দিনৰ বাবে ৰখাৰ ব্যৱস্থা কৰা হৈছে।’-বিবৃতিটোত এইদৰে উল্লেখ কৰিছে বিষয়াগৰাকীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0