গোৱালপাৰাঃ গোৱালপাৰাত তিনিজনকৈ লোকৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰাৰ খবৰে জিলাখনৰ সৰ্বসাধাৰণৰ লগতে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলকো উদ্বিগ্ন কৰি তোলা দেখা গৈছে। ইমানেই নহয়, গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মীসকলে স্বাস্থ্য বিভাগৰ ‘ঢাল-তৰোৱাল নাইকিয়া নিধিৰাম চৰ্দাৰ’ সদৃশ অৱস্থাৰ বাবে প্ৰতিবাদ কৰিবলৈকো বাধ্য হৈ পৰে।
কভিড-১৯ ৰোগত আক্ৰান্ত ৰোগীসকলক চিকিৎসা কৰিবলৈ চিকিৎসালয়খনত হেণ্ডগ্ল’ভছ, মাস্ক, ছেনিটাইজাৰ, পোছাক-পৰিচ্ছদ আদি একোৱেই নথকাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ আৰু আন চিকিৎসাকৰ্মীসকলে। চিকিৎসালয়খনৰ আইছ’লেশ্যন কক্ষত তিনিজনকৈ ক’ভিড-১৯ৰ ৰোগীক ৰখা হোৱাৰ সময়তে চিকিৎসাকৰ্মীসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা ঘটনাই উদঙাই দিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটো।