খেৰণিঃ এক ভয়াৱহ দুৰ্যোগ। বিশ্বব্যাপী কৰ’না ভাইৰাছক লৈ আতংকিত বিশ্ববাসী। বিশ্বৰ চৌদিশে কেৱল মৃত্যুৰ কিৰিলি। সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ভাৰততো এই ভাইৰাছে পৃথিৱীৰ আন ঠাইৰ দৰে মহামাৰী ৰূপ ল’বলৈ ধৰিছে৷ কৰ’না ভাইৰাছ সংক্ৰমণ হোৱাত প্ৰতিৰোধৰ অৰ্থে ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীয়ে ক্ষিপ্ৰতাৰে চেষ্টা অব্যাহত ৰাখিছে৷
সংক্ৰমণ প্ৰতিৰোধৰ ব্যৱস্থা কেনেদৰে আগবাঢ়িছে সেয়া চাবলৈ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম পৰিভ্ৰমণ কৰে৷ লগতে কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ সজাগতা আৰু ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভতো মুখ্যমন্ত্ৰী সোণোৱালে পৰিস্থিতিৰ বুজ লয়৷ লগতে ডংকামোকাম মডেল স্কুলত স্থাপন কৰা কোৱাৰেণ্টাইন কক্ষসমূহো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।