গোৱালপাৰাঃ গোৱালপাৰা জিলাত তিনিজনকৈ লোকৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছৰে পৰা কৰ’নাতংকই বিৰাজ কৰি থকাৰ সময়ত কৰ’নাত আক্ৰান্ত হোৱাৰ সন্দেহত কোৱাৰেণ্টাইন কৰা হৈছে ৩৭ নং পূৱ গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰশ্বিদ আলমক। যোৱা ৩ এপ্ৰিলত নিশা নিজ বাসভৱনত কোৱাৰেণ্টাইন কৰা হয় বিধায়কগৰাকীক। জানিব পৰা মতে ১৬ মাৰ্চত দিল্লীৰ পৰা উভতি আহি সমষ্টিৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰিছিল বিধায়কগৰাকীয়ে।
যোৱা ৩ এপ্ৰিলত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ক’ৰনাক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ বুজ লৈ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু আন বিষয়াবৰ্গৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকতো ভাগ লৈছিল বিধায়কগৰাকীয়ে। বৈঠকখনত ৩৮ নং পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলেও অংশগ্ৰহণ কৰিছিল।