খেৰণিঃ সমগ্ৰ বিশ্বৰ লগতে দেশত অব্যাহত আছে মহামৰীৰ ৰূপ লোৱা ক’ভিড-১৯ৰ অৱৰ্ণনীয় ভয়াৱহতা। এই মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ লগতে অসমতো চলিছে ২১ দিনীয়া লক ডাউন। চৰকাৰী নিৰ্দেশ অনুসৰি দেশত বিগত প্ৰায় এপষেক ধৰি ঘৰতে আবদ্ধ হৈ আছে শিশুকে ধৰি পুৰুষ-মহিলা সকলো।
কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰা কৰুণ ঘটনাক লৈ এতিয়া সমগ্ৰ বিশ্বৰ লগতে হাঁহাকাৰ লাগিছে দেশ তথা অসম ৰাজ্যতো। প্ৰতি ক্ষণত সকলোকে সজাগ হোৱাৰ আহ্বান চৰকাৰ তথা সচেতন জনতাৰ। কিন্তু ইমানৰ পাছতো ৰাজ্যৰ একাংশ লোকৰ গা লৰা নাই এতিয়াও। মাৰাত্মক ক’ভিড-১৯ৰ ভয়াৱহতা আৰু চৰকাৰী নিৰ্দেশকো আওকাণ কৰি নিৰ্দেশ ভংগ কৰি ফুৰিছে বহুজনে। আনকি একাংশ অসাধু ইটা ভাটাৰ মালিকে ইটা ভাটাসমূহতো কাম কাজ অব্যাহত ৰখা পৰিলক্ষিত হৈছে।