মোৰাঝাৰঃ হোজাই জিলাৰ পৰা আন জিলালৈ আৰু আন জিলাৰ পৰা হোজাই জিলালৈ যাতায়াতৰ বাবে হোজাই জিলা প্ৰশাসনে অনলাইনযোগে অনুমতিৰ ব্যৱস্থা কৰিছে। আজি হোজাইৰ অতিৰিক্ত উপায়ুক্তই এক প্ৰেছ বিবৃতিযোগে সদৰী কৰা মতে, অসম চৰকাৰৰ এক নিৰ্দেশনা মৰ্মে হোজাই জিলা প্ৰশাসনে জিলাবাসী ৰাইজক চৰ্তসাপেক্ষে অহা ২৫ ,২৬ আৰু ২৭ এপ্ৰিললৈকে যাতায়াতৰ বাবে অনলাইনযোগে অনুমতি প্ৰদানৰ ব্যৱস্থা কৰিছে।
বিবৃতিত উল্লেখ কৰা মতে, হোজাই জিলাৰ বাবে যান-বাহন চলাচলৰ ই-পাছৰ অনুমতি ল’বলৈ চৰকাৰী পৰ্টেল hojai.assam.gov.in ত আবেদন কৰিব লাগিব আৰু ই-পাছৰ অনুমতি কেৱল মাত্ৰ এটা পথেৰে এবাৰৰ বাবেহে চলাচলৰ অনুমতি দিয়া হ’ব ৷ চিকিৎসাধীন ৰোগীৰ ক্ষেত্ৰত আন জিলাৰ পৰা নিজৰ গৃহ জিলালৈ অহা আৰু চিকিৎসাৰ বাবে নিজৰ গৃহ জিলাৰ পৰা অন্য জিলালৈ যোৱাৰ বাবে বৰ্তমান অৱস্থানৰত ঠাইৰ পৰা সংশ্লিষ্ট জিলা উপায়ুক্তৰ ওচৰত ই-পাছৰ বাবে আবেদন কৰিব লাগিব ৷