ইছলামাবাদঃ নাৰীসকলৰ ভুলৰ বাবেই বিশ্বত কৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সমুখতে এই মন্তব্য আগবঢ়াইছে দেশখনৰ এগৰাকী বিখ্যাত মৌলবীয়ে। প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাগ লোৱা এটি টিভি চেনেলৰ লাইভ অনুষ্ঠানৰ মাজতে মৌলানা তাৰিক জমিলে স্পষ্টকৈ কয় যে পৃথিৱীত কৰ’না ভাইৰাছে সংহাৰ ৰূপ ধাৰণ কৰাৰ মূলতেই হৈছে নাৰীসকলৰ কু-কৰ্ম।
যোৱা বৃহস্পতিবাৰে আয়োজিত এক ফাণ্ডৰেইজিং অনুষ্ঠানৰ টিভি চেনেলসমূহত লাইভ চলি থকাৰ সময়তে মৌলানাগৰাকীয়ে কৰা এই মন্তব্যক লৈ এতিয়া সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। বিশেষকৈ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সমুখতে কেনেদৰে তেওঁ এনেধৰণৰ আপত্তিজনক কথা ক’ব পাৰিলে সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে ভিন্নজনে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে কোৱা অৱস্থাত বাধা প্ৰদান নকৰাক লৈয়ো বহুতে সমালোচনা কৰা দেখা গৈছে।