বঙাইগাঁও/গুৱাহাটীঃ লকডাউনৰ অন্ত পৰিবলৈ মাজতে মাত্ৰ ৩টা দিন বাকী থকা অৱস্থাত ৰাজ্যত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’না পজিটিভৰ ঘটনা। বৃহস্পতিবাৰৰ দিনটোত বঙাইগাঁৱত একেদিনাই ৪ জনকৈ লোকৰ দেহত ধৰা পৰে কৰ’না পজিটিভ। ইয়াৰ লগে লগে অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হয়গৈ ৪১ জন।
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বই এক টুইটযোগে জিলাখনৰ ৪ জনকৈ লোকৰ দেহত দুপৰীয়া প্ৰায় ১ বজাত পজিটিভ ধৰা পৰিছে বুলি জানিবলৈ দিয়ে। আজি পজিটিভ ধৰা পৰা লোককেইজন হৈছে বঙাইগাঁও শ্বহীদ বেদীৰ ববিতা বাছফৰ(২৯) , চাপৰাকাটাৰ অনুপম ঠাকুৰীয়া (১৮), ৰেলৱে কলনীৰ নিনা বিশ্বকৰ্মা (৬০) আৰু অভয়াপুৰীৰ দীপক মল্লিক (৩২)। ইয়াৰ পূৰ্বে এজনৰ বাদে ৰাজ্যত পজিটিভ ধৰা পৰা প্ৰায় আটাইকেইজনেই ‘নিজামুদ্দিনৰ সৈতে জড়িত’ আছিল যদিও এই প্ৰথমবাৰৰ বাবে নিজামুদ্দিনৰ সৈতে সম্পৰ্ক নথকা এজনতকৈ অধিক লোক একেলগে কৰ’নাত আক্ৰান্ত হৈছে।