নগাঁওঃ মহামাৰী কৰ’নাতংকই আৱৰি ৰখা ৰাজ্যত ইতিমধ্যে চৰকাৰে নিষিদ্ধ কৰিছে গুটখাৰ প্ৰচলন৷ কিন্তু নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো তৃতীয় পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়তে নগাঁও জিলাত গুটখাৰ বেহা অব্যাহত ৰাখিছে এচাম অসাধু ব্যৱসায়ীয়ে।
জিলাখনৰ একাংশ গ্ৰামাঞ্চলৰ লগতে খুদ নগাঁও চহৰত বৰ্তমানেও অসাধু ব্যৱসায়ী চক্ৰই নিৰ্বিঘ্নে অব্যাহত ৰাখিছে গুটখাৰ প্ৰচলন৷ জানিব পৰা মতে, জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা গুটখাৰ এই অবৈধ বেহা প্ৰধানকৈ নগাঁও চহৰৰ পৰাই নিয়ন্ত্ৰিত হৈছে।