গুৱাহাটীঃ কৰ’নাক লৈ সৰ্বসাধাৰণক সজাগ আৰু সচেতন কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সংবাদ মাধ্যমে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিজৰ ভাষণত সেয়া একাধিকবাৰ স্বীকাৰ কৰা দেখা গৈছে। ইয়াৰ মাজতে একাংশ সংবাদ মাধ্যমে কৰ’নাক লৈ জনসাধাৰণৰ মাজত অধিক আতংক বিয়পাই দিয়া বুলিও অভিযোগ উত্থাপিত হৈ আহিছে।
এনে অভিযোগৰ মাজতে সোমবাৰে মুখ্য ধাৰাৰ কেবাটাও নিউজ চেনেল আৰু নিউজ পৰ্টেলে ফেক নিউজ সম্প্ৰচাৰ কৰা পৰিলক্ষিত হয়। নিউজ চেনেল আৰু নিউজ পৰ্টেলকেইটাই সম্প্ৰচাৰ কৰা বাতৰি মুহূৰ্ততে লক্ষ লক্ষ লোকে ছ’চিয়েল মিডিয়াত শ্বেয়াৰো কৰে। ৰেড জ’ন ঘোষণা কৰা বিষয়ক বাতৰিটো পায়েই বহুতে সেয়া গুৰুত্বসহকাৰে লৈ শ্বেয়াৰ কৰে।