Home ৰাজ্যবাৰিষাৰ বানলৈ সাজু চৰকাৰ! কেশৱ-অতুল-শুক্লবৈদ্যৰ সৈতে কাজিৰঙাত মুখ্যমন্ত্ৰী

বাৰিষাৰ বানলৈ সাজু চৰকাৰ! কেশৱ-অতুল-শুক্লবৈদ্যৰ সৈতে কাজিৰঙাত মুখ্যমন্ত্ৰী

by News Desk
A+A-
Reset
cm-sono

কাজিৰঙাঃ বাৰিষাৰ বানৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰক্ষা কৰিবলৈ হাতত লোৱা পদক্ষেপসমূহৰ অগ্ৰগতি সম্পৰ্কে বুজ ল’বলৈ আজি কাজিৰঙাৰ কঁহৰাত আহি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কঁহৰাৰ আয়’ৰা ৰিজৰ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ তিনিগৰাকী মন্ত্ৰী ক্ৰমে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, আবকাৰী আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে গোলাঘাট, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং এই ৫ জিলাৰ উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক আৰু বন সংমণ্ডল প্ৰাধিকাৰীসকলৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত হৈ অনাগত বাৰিষাৰ বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সন্মুখীন হ’ব পৰাকৈ প্ৰস্তুতিৰ বিষয়ে এলানি আলোচনাত বহে।

পৰ্যালোচনা সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে উল্লেখ কৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ প্ৰচেষ্টা তথা চোকা নিৰাপত্তা ব্যৱস্থাৰ বাবে গঁড়ৰ চোৰাং চিকাৰ যথেষ্ট পৰিমাণে কমি গৈছে। বিগত ২০১৯ বৰ্ষৰ ১ এপ্ৰিলত এটা গঁড়ৰ হত্যাৰ পিছত চলিত বৰ্ষৰ ৯ মে’ত পুনৰ আন এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ হয় বুলি উল্লেখ কৰি সঞ্চালকগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী সোণোৱালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উন্নয়নৰ বাবে প্ৰদান কৰা সকলো পৰামৰ্শ উদ্যান কৰ্তৃপক্ষই কাৰ্যকৰী কৰিবলৈ প্ৰচেষ্টা আগবঢ়াইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0