চাবুৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চাবুৱাৰ বিন্ধাকটা হাইস্কুলত মুঠ ৬.২৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া কলাগুৰু বিষ্ণু ৰাভা সাংস্কৃতিক আৰু ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ প্ৰসংগত কয় যে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠাৰ লগে লগে অঞ্চলটোৰ যুৱ প্ৰজন্মই নিজৰ প্ৰতিভা বিকাশৰ বাবে এক উপযুক্ত মঞ্চ লাভ কৰিব।
মুখ্য়মন্ত্ৰীগাৰকীয়ে আৰু কয় যে, অসমক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ আৰু এইক্ষেত্ৰত চৰকাৰে দৃঢ়ভাৱে কাম কৰি আছে। ইফালে বাজেটত ৰাজ্যখনৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ আন্তঃগাঁথনি বিকাশ শিতানত বুজন পৰিমাণৰ পুঁজি আবণ্টন কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে গ্ৰামাঞ্চলসমূহতে ক্ৰীড়া প্ৰতিভা লুকাই থকা বুলি মন্তব্য কৰে।