ডিব্ৰুগড়ঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত যোৱা কেইবাদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল। ফলত জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকূলৰ মাজত সৃষ্টি হৈছে হাঁহাকাৰ পৰিৱেশৰ। নিৰাপদ স্থান বিচাৰি হাবাথুৰি খোৱা বন্য জীৱ-জন্তুক উদ্ধাৰৰ বাবে এই পৰ্যন্ত বনবিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে।
ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰ নদীৰ উফন্দি উঠা পানীৰে ৰাষ্ট্ৰীয় উদ্যানখন জলমগ্ন হৈ পৰাত খাদ্যৰ অভাৱতো বন্য জীৱকূলৰ মাজতো এক হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে আজি দিনটোলৈকে ডিব্ৰু নৈৰ লগতে ব্ৰহ্মপুত্ৰৰো পানী ক্ৰমাৎ বৃদ্ধি পাইছে। ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈছে বুলিও জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষই।