অনলাইন প্ৰতিবেদনঃ প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ এটা বছৰ সম্পূৰ্ণ কৰাৰ অন্তত আজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় বৰ্ষ। বিগত বৰ্ষৰ ৩০ মে’ত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মোদী এতিয়া উক্ত পদৱীত ৬ বছৰীয়া অভিজ্ঞতাৰে পৰিপূৰ্ণ। ৬টা বছৰৰ অন্তত ভাৰতীয় ৰাজনীতিত বৰ্তমানো অপৰাজেয় হৈ ৰৈছে মোদী।
মোদীৰ দ্বিতীয়টো কাৰ্যকালত বিৰোধী কংগ্ৰেছে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত বিজেপিক ৰুধিবলৈ সমৰ্থ হ’লেও তেওঁৰ তুলনাত বিপক্ষক এতিয়াও তেনেই নিষ্প্ৰভ আৰু দুৰ্বল হিচাপে অভিহিত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। এই ৰাজ্য দুখনত পৰোক্ষভাৱে বিজেপিক প্ৰতিহত কৰিবলৈ সমৰ্থ হ’লেও মধ্যপ্ৰদেশত ক্ষমতা ধৰি ৰখাত ব্যৰ্থ হয় কংগ্ৰেছ।