বিশেষ সংবাদঃ অসমত কৰ’নাই আৰু এজন লোকৰ প্ৰাণ লোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াকে লৈ অসমত ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পালে ৷ অৱশ্যে এতিয়ালৈকে এই কথা অসম চৰকাৰৰ স্বাস্থ্য বিভাগ তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে সদৰী কৰা নাই।
প্ৰাপ্ত খবৰ অনুসৰি চেন্নাইৰ এটি ব্যক্তিগত কোম্পানীত কাম কৰি থকা বকলীয়াঘাট চূণপোৰা নিবাসী অৰুণ কাকতি (৫৮) নামৰ লোকজন যোৱা ২৩ মে’ত অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰি ২৬ মে’ত ডিফুত উপস্থিত হয়। ডিফু পোৱাৰ পিছতে তেওঁক বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ সমীপত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে স্থানীয় প্ৰশাসনে।