বিশেষ বাতৰিঃ ৰাজ্যত কৰ’নাৰ সন্ত্ৰাস, আনফালে চৰকাৰৰ স্বাস্থ্য বিভাগৰ টোঘলকী কাণ্ড! উল্লেখ্য যে, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে চলিত বৰ্ষৰ ৬ মে’ত অন্যান্য পদৰ লগতে ২০১টা ষ্টাফ নাৰ্ছৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। সেই অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাৰ হেজাৰোধিক বিএছচি নাৰ্ছিং, জিএনএম প্ৰাৰ্থীয়ে অনলাইন যোগে প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছত যোৱা ৬ জুলাইত সাক্ষাৎকাৰৰ বাবে প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ পায়।
ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসমৰ বিভিন্ন জিলাৰ হাজাৰোধিক সাক্ষাৎকাৰ প্ৰাৰ্থীৰ সাক্ষাৎকাৰ অহা ১৪ জুলাইৰপৰা ২১ জুলাইলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব। ইফালে সমগ্ৰ গুৱাহাটী মহানগৰীত কৰ’নাৰ বাবে উক্ত সময়ছোৱাত অব্যাহত থাকিব লকডাউন। বিশেষকৈ পূৰ্বে ১২ জুলাইত লকডাউন অন্ত পৰাৰ কথা আছিল যদিও শনিবাৰে মহানগৰীত লকডাউন আৰু ৭ দিনলৈ বৃদ্ধি কৰাত এতিয়া বিমোৰত পৰিছে প্ৰাৰ্থীসকল।