44
ৰঙিয়াঃ স্বামী গৃহৰ পৰিয়ালৰ অত্যাচাৰ সহিব নোৱাৰি বোৱাৰীয়ে আত্মাহত্যা কৰাৰ ঘটনা সকলোৱে বহুত শুনিছে। কিন্তু ইয়াৰ বিপৰীতে এইবাৰ ৰঙিয়াত পত্নী আৰু শাহুৱেকৰ অত্যাচাৰত জোঁৱায়েকৰ আত্মহননৰ অপচেষ্টাৰ খবৰ পোৱা গৈছে।
প্ৰাপ্ত বাতৰি মতে, নিজ দোকানৰ ভিতৰতে গাত পেট্ৰ’ল ঢালি জুই লগাই আত্মহননৰ চেষ্টা চলাই ৰঙিয়াৰ পিতাম্বৰ হাটবজালীৰ প্ৰণৱ মহন্ত নামৰ লোকজনে। লগে লগে একাংশ গঞাই এই দৃশ্য প্ৰত্যক্ষ কৰি যুৱকজনৰ জুই নুমুৱাবলৈ পানী ঢালে।