Home ৰাজ্যবৰছলা সমষ্টিৰ উন্নয়নৰ প্ৰতিশ্ৰুতি পাহৰিলে সাংসদ-বিধায়কে

বৰছলা সমষ্টিৰ উন্নয়নৰ প্ৰতিশ্ৰুতি পাহৰিলে সাংসদ-বিধায়কে

by News Desk
A+A-
Reset
dhekia


……সাত বছৰে সম্পূৰ্ণ নহ’ল বৰছলা আদৰ্শ চিকিৎসালয়ৰ গৃহ নিৰ্মাণ……গড়কাপ্তানি পথৰ শোচনীয় অৱস্থা……  বিভাগৰ নিৰ্বিকাৰ ভূমিকা….. ৰাইজৰ সমালোচনা

ঢেকীয়াজুলি পৰা নাৰায়ণ ফয়েল:
বিগত বিধান সভা নিৰ্বাচনত উন্নয়ন আৰু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ পিছতেই উন্নয়নৰ প্ৰতিশ্ৰুতি পাহৰিলে ৷ এই চৰকাৰৰ দিনত গ্ৰাম্যাঞ্চলৰ বাট-পথৰ উন্ উন্নয়নৰ নামত একো পৰিৱৰ্তনৰ নামত কথা  চৰকাৰৰ আমোলত ৰাজ্যৰ গ্ৰাম্যঞ্চলৰ বাট-পথ সমূহৰ উন্নয়ন হোৱা নাই ৷ প্ৰতিটো অঞ্চলৰ সমউন্নয়নৰ শ্লোগান দিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে এইক্ষেত্ৰত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে ৷ গ্ৰাম্যঞ্চলৰ বাট-পথ নিৰ্মাণৰ ক্ষেত্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অমনোযোগিতা আৰু গড়কাপ্তানি বিভাগৰ নিৰ্বিকাৰ ভূমিকাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ ভিতৰুৱা অঞ্চলৰ বাট-পথ সমূহৰ উন্নয়ন হোৱা নাই ৷ সমষ্টিটোৰ গ্ৰাম্যাঞ্চলৰ একাধিক পথ দীৰ্ঘদিন ধৰি শোচনীয় অৱস্থাত আছে ৷ সমষ্টিবাসী ৰাইজে শোচনীয় বাট-পথেৰে যাতায়াত কৰিব লগীয়া হৈছে ৷ বৰছলা সমষ্টিৰ নতুন চিৰাজুলি-বালিজান সংযোগী পথটি দীৰ্ঘদিন ধৰি শোচনীয় অৱস্থাত থকাৰ পিছতো পথটিৰ উন্নয়নৰ বাবে গড়কাপ্তানি বিভাগে কোনো আচঁনি গ্ৰহণ কৰা নাই ৷ বৃহত্তৰ শিঙৰী অঞ্চলৰ নতুন শিঙৰী, নতুন চিৰাজুলি, সোলালভেটি , বালিজান, বালিজান কচাৰী আদি গাওঁৰ বৃহৎ সংখ্যক লোকে যাতায়ত কৰা এই পথটি দীৰ্ঘদিন ধৰি বিধস্ত অৱস্থাত আছে। বিশেষকৈ বালিজান অঞ্চলৰ ৰাইজে এই পথেৰে ঢেকীয়াজুলিলৈ অহা-যোৱা কৰে ৷ মাত্ৰ পাচঁ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰাম্য পথটি যোৱা বিশ বছৰেও উন্নয়ন হোৱা নাই ৷ বিগত কংগ্ৰেছ চৰকাৰৰ পোন্ধৰবছৰীয়া শাসনত পথটিৰ উন্নয়ন হোৱা নাই ৷ বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰ তথা জনপ্ৰতিনিধি সকলে এইক্ষেত্ৰত মৌন ভূমিকা পালন কৰাত ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ পথটিৰ উন্নয়নৰ বাবে আচঁনি গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে জনপ্ৰতিনিধি সকলৰ ওচৰত দাবী জনাই আহিছে যদিও স্থানীয় বিধায়ক-সাংসদ আৰু পঞ্চায়ত প্ৰতিনিধি সকলে মৌন ভূমিকা পালন কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷ স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বু আৰু সাংসদ পল্লৱলোচন দাসক ৰাইজে তীব্ৰ সমালোচনা কৰে ৷ বিধায়ক আৰু সাংসদ গৰাকীয়ে এইক্ষেত্ৰত মৌন ভূমিকা পালন কৰাত স্থানীয় ৰাইজ বাৰুকৈ ক্ষুব্ধ হৈ পৰিছে ৷ ক্ষুব্ধ ৰাইজে গড়কাপ্তানী বিভাগৰ বিষয়া-অভিযন্তা সকলকো সমালোচনা কৰে আৰু বিভাগটোক অকৰ্মণ্য আখ্যা দিয়ে ৷ এই পথটি অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0