মৰিধল মহাবিদ্যালয়ৰ দূৰ্ভগীয়া ছাত্ৰী নন্দিতা শইকীয়া আৰু নাই…

Home ৰাজ্যমৰিধল মহাবিদ্যালয়ৰ দূৰ্ভগীয়া ছাত্ৰী নন্দিতা শইকীয়া আৰু নাই…

মৰিধল মহাবিদ্যালয়ৰ দূৰ্ভগীয়া ছাত্ৰী নন্দিতা শইকীয়া আৰু নাই…

by News Desk
156 views
A+A-
Reset

ডিজিটেল ডেস্ক,২৫ জুলাইঃ অৱশেষত নিয়তিৰ ওচৰত ওচৰত হাৰ মানিলে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই৷মহাবিদ্যালয়খনৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত আহত হৈ মুমুৰ্ষ অৱস্থাত চিকিৎসাধীন হৈ থকা ধেমাজিৰ নন্দিতা শইকীয়াৰ আজি শেষ নিশ্বাস ত্যাগ৷ আজি দিনৰ ১ বাজি ১০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰীগৰাকীয়ে৷উল্লেখ্য যে যোৱা শণিবাৰে ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত ৰাজপথত ঢলি পৰিছিল নন্দিতা৷
যোৱা শনিবাৰে দুই কলেজীয়া ছাত্ৰী নন্দিতা আৰু কৰিস্মাক বৰ্বৰ ভাৱে আক্ৰমণ কৰিছিল ৰণ্টু শৰ্মাই৷ দুৰ্বৃত্ত ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত ঢলি পৰিছিল দুই ছাত্ৰী৷ততাতৈয়াকৈ দুয়োগৰাকী ছাত্ৰীক ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল৷তাত মৃত্যুৰ সতে যুজি যুজি অৱশেষত হাৰ মানিলে নন্দিতাই৷ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতাল কৰ্তৃপক্ষই নন্দিতাৰ মৃত্যুৰ কথা সদৰী কৰে৷

নন্দিতাৰ দৰে এগৰকী ছাত্ৰী আতৰি গলেওঁ বহু প্ৰশ্নই এৰি থৈ গ’ল৷প্ৰেমৰ পৰিণতিতেই আক্ৰমণ কৰা হ’ল নে আন কিবা?যদি এনে হয় নাৰীৰ নিৰাপত্তা ক’ত?আকৌ কন্যা সন্তানক লৈ শ্লোগান দি ফুৰা চৰকাৰখনে কিয় উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি ছাত্ৰীগৰাকীক বচোৱাৰ চেষ্টা কৰিব নোৱাৰিলে৷এখন ঘৰৰ এগৰাকী গাভৰু কন্যাৰ অকাল বিয়োগৰ বেদনা আানে উপলব্ধি কৰিব নোৱাৰিব৷পৰৱৰ্তী সময়ত অপৰাধীয়ে কি শাস্তি পায় সেয়া হব লক্ষণীয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0