মঙলদৈঃ মিত্ৰদল বিজেপিলৈ পুনৰ শেল এৰিলে অগপৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই। ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা ৰাজ্য চৰকাৰৰ কাম-কাজক লৈ সৰৱ ভূমিকা পালন কৰি অহা প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই আজি কয় যে বিজেপি ডাঙৰ মাছ আৰু অগপ সৰু মাছ।
আজি দৰং জিলাত অনুষ্ঠিত এক দলীয় সভাত ভাষণ দি মহন্তই এই মন্তব্য কৰে। পুখুৰীত ডাঙৰ মাছে সৰু মাছ ভক্ষণ কৰে বুলি বিজেপিক কটাক্ষ কৰি তেওঁ আৰু কয়, ‘আমাৰ অৱস্থা সৰু মাছৰ দৰে হৈছে। ডাঙৰ মাছ বিজেপিয়ে আমাক খাই পেলাব পাৰে।’ অৱশ্যে আঞ্চলিকতাবাদ কেতিয়াও শেষ নহয় বুলি তেওঁ দৃঢ় মতপোষণ কৰে।