গুৱাহাটীঃ ‘আৰ চুলি ছিঙি, তাৰ চুলি ছিঙি মাৰি যাও নেঘেৰী খোপা’ নীতিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত বুলি দেখুৱাবলৈ সম্পূৰ্ণৰূপে উঠি পৰি লাগিছে অসম চৰকাৰৰ শিক্ষা বিভাগ। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ক ভুৱা তথ্য দিবলৈ উদ্যত হৈছে অসম সৰ্বশিক্ষা অভিযান মিছন। যিসময়ত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ দুৰৱস্থাক লৈ চৌদিশে ব্যাপক চৰ্চা চলিছে সেই সময়তে চৰকাৰে এনে কাৰ্য কৰিবলৈ লোৱাত এতিয়া হতভম্ব হৈ পৰিছে ৰাজ্যৰ শিক্ষানুৰাগী মহল।
NNOৰ হাতত আহি পৰা তথ্য মতে কেন্দ্ৰ চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰিবলগীয়া ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ চমুকৈ ‘UDISE+’ৰ প্ৰতিবেদনত যাতে অসমৰ চৰকাৰী বিদ্যালয়ৰ ফোপোলা স্বৰূপটো ওলাই নপৰে তাৰ বাবেই এতিয়া ককালত টঙালি বান্ধি সাজু হৈছে অসম সৰ্বশিক্ষা অভিযান মিছন। এই সন্দৰ্ভত ৩খন জিলাক বাদ দি প্ৰতিখন জিলাৰ সৰ্বশিক্ষা অভিযানৰ সমন্বয়কলৈ একোখনকৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিছে সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালক ডঃ ওম প্ৰকাশে।