শক্তিশালী সামৰিক বাহিনী, পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ আৰু বিশ্বৰ ভিতৰতে সুপ্ৰসিদ্ধ অত্যাধুনিক চোৰাংচোৱা সংস্থাৰে মধ্যপ্ৰাচ্যৰ অন্যতম শক্তিশালী দেশ হোৱাৰ পিছতো এতিয়া ইজৰাইলত বিৰাজ কৰিছে আতংকই। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ আকস্মিক আক্ৰমণত একপ্ৰকাৰ বিভীষিকা নামে ইজৰাইলত। মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰখনত সংঘটিত এই আকস্মিক আক্ৰমণে এতিয়া আতংকিত কৰি তুলিছে বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহকো।
শনিবাৰে পুৱতি নিশা যি সময়ত সীমান্তৰ সমীপৰ গাঁও আৰু চহৰত লাখ লাখ ইজৰাইলীয়ে সুখনিন্দ্ৰাত বিভোৰ আছিল, সেই সময়তে গোপনে ইজৰাইলৰ বুকুত সন্ত্ৰাস নমাই অনাৰ পৰিকল্প্নাত ব্যস্ত আছিল পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছ। পুৱতি নিশা প্ৰায় ২ বজাত হঠাত্ আকাশত কোৰ্হাল তুলিছিল হাজাৰ হাজাৰ ৰকেট আৰু ড্ৰোণৰ শব্দই। গোলা-বাৰুদ আৰু সীমান্তৰ বেৰৰ তলৰ সুৰংগেৰে ইজৰাইলত প্ৰৱেশ কৰা শ শ হামাছ সন্ত্ৰাসবাদীৰ পদধ্বনিয়ে নিদ্ৰা হৰণ কৰিছিল ইজৰাইলী নাগৰিক আৰু সেনাৰ।