অসমত এতিয়া হিতাধিকাৰীৰ সংখ্যা বাঢ়িছে। অৰুণোদয় আঁচনিৰ ধনৰ পৰা মুখ্যমন্ত্ৰীৰ স্ব-নিয়োজন যোজনালৈকে চৰকাৰী আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰে ভৰি আছে অসমৰ গাঁও আৰু চহৰ। এই হিতাধিকাৰীৰ তালিকাতে শেহতীয়াকৈ চৰকাৰে আন দুটা বিশিষ্ট শ্ৰেণীক অন্তৰ্ভূক্ত কৰাক লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰথমে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষক সকলক হিতাধিকাৰী বুলি অভিহিত কৰাৰ এদিন পিছতে শিল্পী সকলকো হিতাধিকাৰী বুলি অভিহিত কৰে সাংস্কৃতিক সঞ্চালকালয়ে। ইয়াৰ পিছতে শিক্ষক, শিল্পী আৰু সাধাৰণ নাগৰিক বহুতে সমাজৰ দুটা সন্মানীয় শ্ৰেণীক হিতাধিকাৰী সজোৱাক লৈ ক্ষোভ ব্যক্ত কৰে।
দৰাচলতে দেওবাৰে নলবাৰীত অমৃত কলহ যাত্ৰাৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ সময়ত সংবাদ মাধ্যমৰে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী আখ্যা দিছিল শিক্ষকসকলক। প্ৰসংগ আছিল শিক্ষকৰ মাজত স্কুটী বিতৰণ। ৰাজ্যত বৰ্তমান শিক্ষকতা কৰি থকা শিক্ষকসকলৰ ৮০ শতাংশকে হিমন্ত বিশ্ব শৰ্মাই নিজ হাতেৰে নিযুক্তি দিয়া বুলি দাবী কৰি কৈছিল, ‘শিক্ষকসকলো আমাৰ হিতাধিকাৰীয়েই।’