গুৱাহাটীঃ বিজেপিৰ নেতা-কৰ্মীয়ে ৰাজ্যৰ বিভিন্ন গাঁৱত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফটো সন্নিৱিষ্ট অৰুণোদয়ৰ ফৰ্ম বিতৰণক লৈ নিৰ্বাচনী আয়োগৰ কাষ চাপিছিল চিপিআইএম আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ৷ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত দাখিল কৰা অভিযোগক গুৰুত্বসহকাৰে লৈছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে৷ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে বিজেপিৰ ৰাজ্যিক সভাপতিক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি ৭২ ঘণ্টাৰ ভিতৰত আয়োগক উত্তৰ দিবলৈ নিৰ্দেশ দিছে৷
নিৰ্বাচনী বিধি উলংঘাক লৈ কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ব তাৰ উত্তৰ বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ৮ এপ্ৰিলৰ পুৱা ১০ বজাৰ পূৰ্বে দাখিল কৰিব লাগিব। জাননীখনত ৮ এপ্ৰিলৰ পুৱা ১০ বজাৰ পূৰ্বে উত্তৰ নিদিলে বিজেপিৰ ৰাজ্যিক সভাপতিৰ একো ক’বলগীয়া নাই বুলি গণ্য কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোৱা হৈছে৷ নিৰ্বাচনী বিধি উলংঘা সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াই কঠোৰ পদক্ষেপ ল’ব বুলি উল্লেখ কৰিছে৷