61
ডিজিটেল ৰিপ’ৰ্টঃ নিজম পৰিল ম’হঘূলি চাপৰি। বাপতি সাহোন পৰম্পৰাৰে ঐতিহ্যমণ্ডিত চাৰিকড়ীয়া নৈৰ পাৰত অনুষ্ঠিত হোৱা ফাটবিহু উৎসৱৰ আজি সামৰণি পৰে।
সামৰণি অনুষ্ঠানৰ দিনা জনসমুদ্ৰত পৰিণত হয় চাৰিকড়ীয়াৰ পাৰ। জাতি-জনগোষ্ঠীৰ সমন্বয়-সম্প্ৰীতিৰে উদ্ভাসিত ফাটবিহুক লৈ যোৱা দুদিনৰ দৰে দেওবাৰেও সমগ্ৰ ঢকুৱাখনাতে পৰিলক্ষিত হয় উদুলি-মুদুলি পৰিৱেশ।