বিশেষ প্ৰতিবেদনঃ ‘সৌ খিনিতে মোৰ ঘৰটো, এতিয়া কোনোফালেই যাবলৈ উপায় নাই। ইমান পানীৰ মাজত আমি কেনেকৈ জীয়াই থাকিম! বান আহিল, কোনোমতে জীৱনটো হাতৰ মুঠিত লৈ দৌৰ মাৰি ওলাই আহিলো। এতিয়া পিন্ধিবলৈ কাপোৰ নাই, খাবলৈ চাউল নাই, থাকিবলৈ জেগা নাই। আমিও মানুহ হে! এনেদৰে জানো জীয়াই থাকিব পাৰি?’
সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত এনেদৰে নিজৰ পৰিস্থিতিৰ কথা কৈ থাকোতে দুচকু লোতকেৰে ভৰি পৰিছিল দেৰগাঁৱৰ এগৰাকী বন্যাৰ্তৰ। গোটেই অসমৰ লগতে তেওঁৰ গাঁও আৰু ঘৰখনো বানপানীত বুৰ গৈছিল, একেদৰে চকুপানীত বুৰ গৈছিল তেওঁৰ সমস্ত সপোন।